Show/Hide Keyboard Layout

কৃষ্ণচূড়া, কৃষ্ণচূড়া

- মায়াশ্ৰী বৰকটকী

কৃষ্ণচূড়া, কৃষ্ণচূড়া

কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ

ৰঙেৰে মোৰ জীৱন

এবাৰ ৰঙাই তোলা ।

 

মোৰ জীৱনৰ বকুল বনৰ

ফুল সৰি সৰি গ’ল

মোৰ যে মনৰ শিমলু তুলা

উৰি উৰি নুৰা হ’ল ।

 

কেতেকী তোমাৰ বিননি

আৰু নুশুনাবা

এজাৰ তোমাৰ ব্যথাৰে জীৱন

নোবোলাবা ।

 

নিদাঘৰ দাহে শুকালে যি

নৈৰ ধাৰা

বৰষা তোমাৰ দানেৰে

আকো উপচাই দিয়া

কোনোবা খিনিত কি যে হেৰুৱালো

সি কথা মনত নেপেলাবা ।।

Hits: 2406